SEBA Class 10 Sivasagar District Assamese Question Paper 2021

SEBA Class 10 Sivasagar District Assamese Question Paper 2021: Dear students, you can find here SEBA Class 10 Half Yearly Exam Question Paper. Secondary Board of Assam class 10 Assamese Question paper.

ছমহীয়া পৰীক্ষাঃ  ২০২১
বিষয়ঃ  অসমীয়া
শ্রেণী ও দশম
সময়ঃ  ৩ ঘন্টা
নম্বরঃ  ১00

(‘ক’ অংশ) ৭৫ নম্বৰ

১। অতি চমুকৈ উত্তৰ লিখাঃ – (যিকোনাে চাৰিটাৰ) ১x৪=৪ 

(ক) হিন্দুৰ শ্ৰাদ্ধবিধি কোন যুগৰ অৱদান?
(খ) ‘জিকি’ শব্দটো কি শব্দৰ পৰা ওলাইছে?
(গ) ছাত্ৰ অৱস্থাত মনৰ গতি কেনে হ’ব লাগে ?
(ঘ) অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল?
(ঙ) ভেজিকিৰ বােৰক কিহৰ লগত তুলনা কৰিব পাৰি?
(চ) মােহ-পাশ’ মানে কি?

২। উত্তৰ লিখা (চমুকৈ)ঃ-

(ক) সনক, সনন্দ যােগী যাহাকু ধিয়ায়” – সুনাক, সনন্দ আদি যােগীসকলে কাক ধ্যান কৰে বুলি কৈছে?
খ) ব্ৰজাৱলী ভাষাৰ দুটা বৈশিষ্ট্য লিখা।
(ক) অসমলৈ যুদ্ধ কৰিবলৈ আহি মােগল সকলে অসমৰ ৰূপ কি দৰে বৰ্ণনা কৰিছে বুজাই লিখা।

অথবা

অসমৰ পুৰুষ-নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা।

(খ) কবিয়ে কিয় মৰাৰ পাছতাে পুনৰ অসমতে জনম ল’ম বুলি ভাবিছে বুজাই লিখা।

৪। ব্যাখ্যা কৰা – (যিকোনাে এছােৱা)
মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়
দেশ-প্রাণ, মুক্ত-প্রাণ, অসমৰ স্বদেশ ভকতি

অথবা

মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।
যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি।।

৫। চম উত্তৰ দিয়া – (যিকোনাে চাৰিটাৰ) ১x৪=৪

(ক) লিখকৰ মতে ছাত্র-জীৱনৰ প্রকৃত উদ্দেশ্য কি কি ?
(খ) সর্বপল্লী ৰাধাকৃষ্ণণে ‘কালিয়দমন’ৰ কি আখ্যা দিছে?
(গ) ভাৰতীয় সংস্কৃতিৰ প্রাণ কি?
(ঘ) ইটাৰনেট কি?
(ঙ ) হেম বৰুৱাই সম্পাদনা কৰা আলােচনীখনৰ নাম কি ?

৬। চমু উওৰ লিখা ঃ-
(ক) ছাত্ৰসকলে কার্যকৰী শিক্ষা ক’ৰ পৰা কি দৰে লাভ কৰিব পাৰে?
(খ) ভাইৰাচ কি? ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাৰ পাৰে লিখা।
(গ) ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?
(ঘ) “ইন্টাৰনেটৰৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।” কথাষাৰৰ বক্তা কোন? ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠৰ আধাৰত বুজাই লিখা।
(ঙ ) ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু’-এই কথাষাৰ কিমান দূৰ  যুক্তিপূর্ণ, পাঠৰ আধাৰত লিখা।

নাইবা

লিখকে ভাৰত বুৰঞ্জীক কিয় ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ বুৰঞ্জী বুলি কৈছে?

৭। ব্যাখ্যা কৰা  – (যিকোনাে এছােৱা)
(ক)  পঢ়াই পড়ে , বারে পাণ।
এই তিনিয়ে নিচিন্তে আন ।।

বা

(খ) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।

৮। তলত দিয়া যিকোনাে এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা ঃ-

(ক) তোমাৰ বিদ্যালয়ৰ বঁটা বিতৰণি সভা।
(আৰম্ভণি – আয়ােজন – বঁটা বিতৰণ – সামৰণি)

(খ) তােমাৰ প্রিয় গ্রন্থখন।
(আৰম্ভণি – গ্ৰন্থখনৰ পৰিচয় – প্রিয়া হােৱাৰ কাৰণ – সামৰণি)

১। তলৰ যিকোনাে পাঁচটা প্রশ্নৰ উত্তৰ কৰাঃ ২x৫=১০

(ক) তলত দিয়া যিকোনাে দুটাৰ ব্যাসবাক্যসহ সমাসৰ নাম লিখাঃ-
পঞ্চনদ, শূলপাণি, মহাপুৰুষ, সত্যাগ্রহ

(খ) তলৰ যিকোনাে দুটাৰ ‘গ’ বা ‘য’ হােৱাৰ কাৰণ লিখা ঃ-
কণ্টক, কণ্ঠ, শূর্পণখা, যুধিষ্ঠিৰ, প্রতিষ্ঠা

(গ) তলৰ যিকোনাে দুটা শব্দৰ সন্ধি ভাঙা ঃ-
ৰাজর্ষি, উমানন্দ, বিদ্যায়: নমস্কাৰ

(ঘ) তলৰ যিকোনাে দুটা শব্দৰ এটাকৈ সমার্থক শব্দ লিখা ঃ-
আকাশ, পদুম, অগ্নি, বিটপী

(ঙ) তলৰ মিশ্র বাক্যটো সৰল বাক্যলৈ পৰিৱৰ্তন কৰা –
যি মানুহে পৰিশ্ৰম কৰে, তেওঁৰ স্বাস্থ্য ভালে থাকে

(চ) তলৰ যিকোনাে দুটা শব্দত কি প্রত্যয় লগ লাগিছে ভাঙি দেখুওৱা :-
গাঁৱলীয়া, বুধিয়ক, শয়ন, দয়ালু

ছ) তুৰ যিকোনাে দুটাৰ অৰ্থ প্ৰকাশ হােৱাকৈ একোটি বাক্য ৰচনা কৰা :-
চকু  চৰহা, কপাল ফুল, কাণে কাণ মাৰি, ডলাৰ বগৰী

(জ) এটা শব্দত প্ৰকাশ কৰা ঃ- (দুটাৰ)
একে গুৰুৰ শিষ্য, কাহৰ বাচন গঢ়োতা, যি কণীৰ পৰা জন্মে

(ঝ) ৰ্পিৰীত শব্দ লিখাঃ- (দুটাৰ)
আধুনিক, সপােন, আনন্দ

(ঞ)যথাস্থানত যতি চিন বহুওৱা ঃ-
হে ভগৱান মই বিপদত পৰিছে মােক ৰক্ষা কৰা

১০।  ভাৱ সম্প্ৰসাৰণ কৰা ; –
ৰাইজে নখ জোকাৰিলে নৈ বয়

নাইবা

তােমাৰ বিদ্যালয়ৰ প্রধান শিক্ষক / শিক্ষয়িত্ৰীলৈ খেল-ধেমালি বা খােৱা
পানীৰ অধিক সা-সুবিধা বিচাৰি এখন আবেদন লিখা।

১১। তলৰ যিকোনাে দুটা প্রশ্নৰ উত্তৰ লিখাঃ- ১x২=২
(ক) মিচিং সকলৰ এবিধ উৎসৱৰ নাম লিখা।

(খ)  দেউৰীসকলৰ  আদিম বাসস্থান ক’ত আছিল?
(গ) ভাষিক দিশৰ পৰা ‘তিৱা ‘সকল কোনটো ঠালৰ লােক?
(ঘ) বড়াে ভাষা কি ভাষাগােষ্ঠীৰ অন্তর্ভুক্ত?

১২। তলৰ যিকোনাে দুটা প্রশ্নৰ চমু উত্তৰ দিয়া ঃ-২x২=৪
(ক) আলি-আঃয়ে গাং শব্দৰ ব্যুৎপত্তি লিখা।

(গ) বড়াে ভাষাই কেতিয়া প্রাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি পাইছিল? বড়াে ভাষাৰ প্রথম গ্রন্থখনৰ নাম কি ?

(গ) তিৱাসকলৰ দুটা উৎসৱৰ নাম লিখা।
(ঘ) দেউৰীসকল সামাজিকভাৱে কেইটা আৰু কি কি খেলত বিভক্ত উল্লেখ কৰা।

১৩। চমুটোকা লিখাঃ (যিকোনাে দুটাৰ)
(ক) বিলাইৰাম সেনাপতি (খ) ভীমবৰ দেউৰী (গ) আলি-আঃয়ে-নৃগাং
(ঘ) বড়াে সাজ-পাৰ

(‘খ’ অংশ) ২৫ নম্বৰ

১৪। অতি চমুকৈ উত্তৰ লিখাঃ- ১x৩=৩
(ক) তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্র আহিছিল ?
(খ) আর্যশিক্ষাৰ কলাবিদ্যা কিমানটি ?
(গ) কপিল মুনিৰ মাতৃ কোন আছিল?

১৫। উত্তৰ লিখা –
(ক) নাগার্জুন কোন ? ক’ত আছিল আৰু কি কৰিছিল ?

(খ) চমুটোকা লিখা – (দুটাৰ)
নালন্দা বিশ্ববিদ্যালয়, তক্ষশীলা বিশ্ববিদ্যালয়, উদান্তপুৰ বিশ্ববিদ্যালয়

(গ) মাকৰ কি কি গুণৰ কথা কবলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল ?
(ঘ) “মােহিনী স্বৰূপে অমৃত পিয়ালাে সাধিলাে দেৱৰ কাম।” – কোনে মােহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কার্য সাধন কৰিছিল – খৰছি মাৰি লিখা।৪

১৬ | তলৰ বাক্য দুটা শুদ্ধকৈ লিখা :- ১x২=২
(ক) ৰাইজসকললৈ নমস্কাৰ।
(খ) মই তােমালৈ ৰখি থাকিম।

১৭। তলৰ শব্দকেইটাৰ আধুনিক ৰূপ লিখা- (পাঁচটাৰ) ১x৫=৫
হালি, ডৰত, বাপি, বিহুটিয়া, হন্তে, নুজুৰাই, বয়ন, মােক

 

Check Also:

SEBA Class 9 Computer Science Half Yearly Exam Question paper 2021

SEBA Class 9 Geography(Elective) Half Yearly Exam Question 2021

SEBA Class 9 Hindi ( Elective) Half Yearly Exam Question paper 2021

SEBA Assamese (MIL) Class 9 Half Yearly Exam 2021

Updated: 16th November 2021 — 12:16 pm

Leave a Reply

Your email address will not be published. Required fields are marked *

Study Solve © 2021 Contact Us | 

   DMCA Policy

 

error: Content is protected !!