Home » SEBA Assamese (MIL) Class 9 Half Yearly Exam 2021

SEBA Assamese (MIL) Class 9 Half Yearly Exam 2021

SEBA Assamese (MIL) Class 9 Half Yearly Exam 2021: Get here Half Yearly Exam’s Question paper 2021  Assamese (MIL) for  Class IX of Nagaon district.

Half Yearly Examination – 2021
Sub: MIL (Assamese)
Class: IX
Time: 3 hrs.
Full Marks: 100

The figures in the margin indicate full marks for the question.

ক’ বিভাগ

১। তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া:  ১x১০=১০

(ক) সজ ব্যৱহাৰৰ অনুপান কি?
(খ) ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্র কি?
(গ) বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা?
(ঘ) জয়ন্ত মাধৱ ৰাই কি উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ?
(ঙ) মিঠা মাতৰ গুণত কি হ’ব পাৰি?
(চ) উৰাবাতৰি মানে কি?
(ছ) অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰাৰ ক্ষেত্ৰত কিহক শক্তিশালী
আহিলা হিচাপে গণ্য কৰা হয় ?
(জ) কোনখন সন্ধিৰ পিছত অসম ব্রিটিছৰ অধীনলৈ যায়?
(ঝ) অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল
কেনেধৰণৰ ৰােগত আক্ৰান্ত হৈছিল ?
(ঞ)‘অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বােজা’ –
কথাষাৰ কোনে কৈছিল ?

২। উত্তৰ দিয়া: ২x২=৪

(ক) কেনেকৈ সকলােৰে সঁজাতী হ’ব পাৰি?
(খ) অনেক মানুহে কি গুণৰ অভাৱত বন্ধু-বান্ধৱ হেৰুওৱাৰ লগতে গৰিহণা খাব লাগে ?

৩। উত্তৰ দিয়া:  (যিকোনাে এটা)

(ক) ব্যৱহাৰ প্রণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নােৱাৰি?

(খ) ‘ডাইনী’, ‘সােপাধৰা’ এইবােৰ অন্ধবিশ্বাস বুলি জানিও কিছুলােকে এই বিষয় দুটাক বিশ্বাস কৰি কিয় উৰাবাতৰি প্ৰচাৰ কৰে?

৪। তাৎপর্য ব্যাখ্যা কৰা ঃ (যিকোনাে এটা)

(ক) সােণৰ জেউতী অমান্য কৰিলেও নকমে।
(খ) মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ।

৫। কি কি কাৰণত অন্ধবিশ্বাস, কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয় ?

নাইবা

‘অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিয়ন্ত্রণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰে?

৬। চমু উত্তৰ দিয়া ঃ (পাঁচোটা)

(ক) কৃষ্ণগীত গােৱা সুন্দৰী গৰাকী কোন?
(খ) ‘মথনি’ শব্দৰ অর্থ কি ?
(গ) বৰগীতটোত নন্দজায়া বুলি কাক কোৱা হৈছে?
(ঘ) শংকৰদেৱে ৰচনা কৰা নাট সমূহক কি বুলি কোৱা হয় ?
(ঙ) কোনখন পুথি শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ বুলি কোৱা হয়?
(চ) ৰােমাণ্টিক যুগৰ এগৰাকী শ্রেষ্ঠ কবিৰ নাম কি ?
(ছ) কবিয়ে কাক ময়াপী জীৱ বুলি কৈছে?

৭। উত্তৰ দিয়াঃ ২x২=৪
(ক) স্তনপান কৰিবলৈ নােপােৱাত কৃষ্ণই কি কৰিছিল?
(খ) ক্ষৌম বস্ত্র মানে কি? বৰগীতটিত কোনে ক্ষৌম বস্ত্র পৰিধান কৰাৰ কথা কৈছে?

৮। প্রসঙ্গ সঙ্গতি লগাই ব্যাখ্যা কৰাঃ (যিকোনাে এছােৱা)
(ক) যাক যােগী নপাৱে ধ্যানত।
হেন হৰি পলান্ত ভয়ত৷৷

(খ) মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ,
কৰা কৰা পূজা
পাদ্য অর্ঘ্য লই
জয় জয় মানৱ দেৱ।

৯। কবিজনাৰ নাম উল্লেখ কৰি মানৱ বন্দনা’ কবিতাটিৰ সাৰাংশ তােমাৰ নিজৰ কথাৰে লিখা।১+৪=৫

১০। তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখা ? ২x৫=১০
(ক) ণত্ব বিধি নাইবা ষত্ব বিধিৰ দুটা নিয়ম লিখা।
(খ) সন্ধি ভাঙা আৰু পাতা (যিকোনাে দুটা)
হিমালয়, দিক্‌+অন্ত, মনঃ+তাপ, নাবিক
(গ) সমার্থক শব্দ লিখা ঃ (যিকোনাে দুটা)
বদন, পৃথিৱী, মানুহ
(ঘ) বিপৰীতার্থক শব্দ লিখা ঃ (যিকোনাে দুটা)
সৎ, অভিশাপ, উচিত।
(ঙ) তলত দিয়া যুৰীয়া শব্দ ব্যৱহাৰ কৰি একোটাকৈ বাক্য সাজা ও
দিন-ৰাতি, চিঠি-পত্র

১১। ভাৱ সম্প্ৰসাৰণ কৰা ঃ
যি মূলা বাঢ়িব তাৰ দুপাততে চিন।
নাইবা
বাক্য ৰচনা কৰাঃ
চকুৰ কুটা, চকু-চৰহা, হাত-দীঘল, পেটত কথা ৰাষ্য।

১২। তলৰ যিকোনাে এখন ৰচনা লিখাঃ
(ক) তােমাৰ প্রিয় গ্রন্থ।
(খ) ছাত্রৰ কৰ্তব্য

১৩। (ক) বৈচিত্রময় অসম’ নামৰ দ্রুত পাঠটিত সন্নিৱিষ্ট আহােমসকল,
কাছাৰৰ জনগােষ্ঠী সকল, কাৰবি সকল, কোচ ৰাজবংশী
সকল ইয়াৰে যিকোনাে এটা জনগােষ্ঠীৰ চমু পৰিচয় দিয়া।

 

(খ) তােমাৰ দ্রুত পাঠত সন্নিৱিষ্ট আহােম সকল, কাছাৰৰ জনগােষ্ঠী
সকল, কাৰবি সকল, কোচ ৰাজবংশী সকল— যিকোনাে এটা
জনগােষ্ঠীৰে বিশেষভাৱে বৰঙণী আগবঢ়োৱা দুজন ব্যক্তিৰ
বিষয়ে চমুটোকা লিখা।

‘খ’ বিভাগ

১৪। লেখকে কোন সকল লােকক সন্মানৰ পাত্ৰ বুলি কৈছে?
১৫। শিক্ষকৰ প্ৰতি ছাত্ৰই মান-সৎকাৰ কিয় ৰাখিব লাগে ?
১৬। হনুমন্তই কি ৰূপ ধাৰণ কৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি?
১৭। হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটি বর্ণনা দিয়া।

১৮| উত্তৰ দিয়া ঃ
(ক) বিপৰীত লিংগ বাচক শব্দ লিখা ঃ (যিকোনাে দুটা)
ভাৰ্য্যা, সুন্দৰী, পুত্র
(খ) বিপৰীতার্থক শব্দ লিখা ঃ (যিকোনাে দুটা)
ন্যায়, দুষ্ট, আদি
(গ) সমার্থক শব্দ লিখা ঃ (যিকোনাে দুটা)
সমুদ্র, বিল, পৱন
(ঘ) যিকোনাে এটা শব্দৰ আধুনিক ৰূপ লিখা ?
কণ্টকি, দেখিলন্ত

*****

Check Also:

SEBA Class 9 Geography(Elective) Half Yearly Exam Question 2021

SEBA Class 9 Hindi ( Elective) Half Yearly Exam Question paper 2021

SEBA Board Class 9 Social Science Half Yearly Exam Question Paper 2021

SEBA Class 10 Advance Geography Half Yearly Examination 2021

Leave a Reply

Your email address will not be published. Required fields are marked *