Class 10 MIL (Assamese) Half Yearly Exam Question Paper 2021

Class 10 MIL (Assamese) Half Yearly Exam Question Paper 2021:

Class 10 MIL (Assamese) Half Yearly Exam Question Paper 2021

Half Yearly Examination – 2021
Sub: MIL (Assamese)
Class :X
Time: 3 hrs.
Full Marks: 100
The figures in the margin indicate full marks for the question. ১x৩=৩

(ছাত্র-ছাত্রী সকলে ক’ বিভাগ আৰু ‘খ’ অথবা ‘গ’ বিভাগৰ উত্তৰ কৰিব লাগিব।)

‘ক’ বিভাগ

১। তলৰ যিকোনাে তিনিটা প্রশ্নৰ অতি চমু উত্তৰ লিখা ? ২x৩=৬
ক) ৰ’দ নপৰা চেঁচা আৰু জেকা ঠাইক কি বােলে ?
খ) ভাৰতীয় সংস্কৃতিৰ প্রাণ কি?
গ) অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভূমুকি’ গ্রন্থৰ ৰচক কোন?
ঘ) হিন্দুৰ শ্ৰাদ্ধ বিধি কোন যুগৰ অৱদান?

২। তলৰ যিকোনাে তিনিটা প্রশ্নৰ চমু উত্তৰ লিখা: ২x৩=৬
ক) ছাত্ৰসকলেকিকিবিষয়ত জ্ঞানলাভকৰি দেশসেৱাৰব্ৰতীহ’বলাগে?
খ) অজন্তাৰ ছবিবােৰত কি কি ভাৱবস্তু প্রকাশ পাইছে?
গ) লিখকৰ মতে দেশৰ প্রকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা ?
ঘ) সভ্যতা’ আৰু সংস্কৃতি’ শব্দ দুটাৰ মাজৰ পার্থক্য লিখা।

৩। তলৰ যিকোনাে এটা প্ৰশ্নৰ উত্তৰ লিখা:
ক) লিখকে আমাৰ বৰ্তমানৰ শিক্ষা কামৰ শিক্ষা নহয় বুলি কিয় কৈছে  বুজাই লিখা।
খ) মােগল সম্রাট বাবৰৰ আমােলত ভাৰতত প্রৱেশ কৰা চিত্রকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা।

৪। তলৰ যিকোনাে দুটা প্রশ্নৰ উত্তৰ লিখা ?
ক) উত্তৰ ভাৰত আৰু দাক্ষিনাত্যৰ ভাস্কৰ্যৰ এটি তুলনামূলক বিৱৰণ দাঙি ধৰা।

খ) ‘নৰ সেৱাই প্রকৃত নাৰায়ণ সেৱা। কথাষাৰৰ তাৎপর্য বিচাৰ কৰা।

গ) লিখকে ভাৰত বুৰঞ্জীক কিয় ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী বুলি কৈছে বুজাই লিখা।

৫। তলৰ যিকোনাে এটা প্ৰশ্নৰ উত্তৰ লিখা;

ক) আমাৰ দেশৰ অধিকাংশ লােক আজিও কেনে অৱস্থাত আছে পাঠৰ আধাৰত বুজাই লিখা।
খ) ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।  কথাখাৰ
কিমানদূৰ যুক্তিপূর্ণ, পাঠৰ আধাৰত বিচাৰ কৰা

৬। তলৰ যিকোনাে দুটা প্রশ্নৰ অতি চমু উত্তৰ লিখা : ১x২=২
ক) মােহ-পাশ’ মানে কি?
খ) জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে? as
গ) তােমাৰ পাঠ্যপুথিৰ অন্তৰ্গত গীতটো কি ৰাগৰ?

৭। তলৰ যিকোনাে দুটা প্রশ্নৰ চমু উত্তৰ লিখা ?
ক) ব্ৰজাৱলী ভাষা কাক বােলে? ইয়াৰ মূল ভেটি কি?
খ) আজান ফকিৰৰ এটি চমু পৰিচয় দিয়া।
গ) মাধৱদেৱ ৰচিত দুখন ঝুমুৰাৰ নাম লিখা।

৮। উত্তৰ লিখা: 

ক) মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।
যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি।।
– কবিতা ফাঁকিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা।

নাইবা

খ) বৰগীতৰ তিনিটা লক্ষণ লিখা।
৯। তলৰ যিকোনাে এছােৱা ব্যাখ্যা কৰা:
ক) তােমাৰ চৰণ দুই মােৰ মহা ধন।
ভকত জনেৰ নিজ তুমিসে জীৱন।।

খ) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।
খােদা ৰছুল লুকাই আছে, মােমিনৰ আঁৰত।।

১০। তলৰ যিকোনাে এটা কবিতাৰ মূলভাৱ লিখা:
ক) বৰগীত   খ) জিকিৰ

১১। তলৰ যিকোনাে পাঁচটা প্রশ্নৰ উত্তৰ লিখা:

ক) তলৰ যিকোনাে দুটাৰ ব্যাস বাক্যসহ সমাসৰ নাম লিখা ?
দোমাহী, হৰিহৰ, চক্রপাণি

খ) তলৰ যিকোনাে দুটা শব্দৰ সন্ধি ভাঙা:
হােমাগ্নি, অন্বেষণ, নিশ্চয়

গ) মিশ্র বাক্য কাক বােলে, এটা উদাহৰণ দি বুজাই লিখা।

ঘ) তলৰ যিকোনাে দুটা শব্দৰ ‘ণ’ বা ‘’ হােৱাৰ কাৰণ লিখা :
ৰামায়ণ, কষ্ট, তৃণ।

ঙ) যথাস্থানত যতি চিহ্ন বহুওৱা
শিক্ষকে সুধিলে তুমি কালি বিদ্যালয়লৈ কিয় নাহিলা।

চ) তলৰ যিকোনাে দুটাৰ অর্থ প্রকাশ হােৱাকৈ বাক্য ৰচনা কৰা ;
– গাই বাই চা, চকু চৰহা, হাত লৰ

১২। তলৰ যিকোনাে এটা প্ৰশ্নৰ উত্তৰ লিখা :

ক) ভাৱ সম্প্ৰসাৰণ কৰা:
চোৰ গ’লে বুদ্ধি, বৰষুণ গলে জাপি।

– খ) শাৰীৰিক অসুস্থতাৰ বাবে তুমি দুদিন বিদ্যালয়লৈ আহিব পৰা।  নাছিল, তাৰ বাবেছুটী বিচাৰি বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন  পত্র প্রস্তুত কৰা। (আবেদনত তােমাৰ নাম, ঠিকনা নিলিখিবা)

গ) তােমাৰ অঞ্চলৰ বাট-পথ, দলং আদি নষ্ট হােৱাত সেইবােৰৰ
মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকর্ষণ কৰি স্থানীয় বাতৰি

কাকতলৈ এখন প্রতিবেদন লিখা।
১৩। তলত দিয়া যিকোনাে এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা :
ক) তােমাৰ প্রিয় গ্রন্থ
(আৰম্ভণি –গ্রন্থৰ বিষয়বস্তু – ভাল লগাৰ কাৰণ —সামৰণি)

খ) পৰিৱেশ প্ৰদূষণ
(আৰম্ভণি-  প্রদূণৰ কাৰণ- প্রতিকাৰ সামৰণি)

গ) অসমৰ কুটীৰ শিল্প
(আৰম্ভণি – অসমৰ কুটীৰ শিল্প সমূহ – উন্নয়নৰ উপায় – সামৰণি)

১৪। বৈচিত্র্যময় অসম’ নামৰ দ্রুত পাঠৰ তােমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত অসমৰ যিকোনাে এটা জনগােষ্ঠীৰ চমু পৰিচয় দিয়া।

১৫। বৈচিত্র্যময় অসম’ নামৰ দ্রুত পাঠৰ তােমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত অসমৰ যিকোনাে এটা জনগােষ্ঠীৰ বিশেষভাৱে বৰঙণি যােগােৱা। দুজনকৈ ব্যক্তিৰ বিষয়ে চমুটোকা লিখা।

‘খ’ বিভাগ

১৬। তলৰ যিকোনাে দুটা প্রশ্নৰ অতি চমু উত্তৰ লিখা :
ক) নাগার্জুন কোন?
খ) আর্য শিক্ষাৰ কলাবিদ্যা কিমানটি?
গ) সংস্কৃত ভাষাৰ প্রথম ব্যাকৰণ প্রণেতা কোন?

১৭। তলৰ যিকোনাে দুটা প্রশ্নৰ চমু উত্তৰ লিখা: 
ক) তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্র আহিছিল ?
খ) চাণক্যৰ এটি চমু পৰিচয় দিয়া।
গ) কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোন সকল পণ্ডিতৰ
মিলনক্ষেত্র আছিল ?

 

১৮। তলৰ যিকোনাে এটা প্ৰশ্নৰ উত্তর লিখা:
ক) আজি কালিৰ শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পার্থক্য সমূহ আলােচনা কৰা।

খ) নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে এটি টোকা লিখা।

১৯। তলৰ যিকোনাে এটা প্রশ্নৰ অতি চমু উত্তৰ লিখা :
ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশােদাক কৈছিল ?
খ) কংস কোন?

২০। চমু উত্তৰ লিখাঃ
ক) তথাপি তােহাক  দেখন্তে ডৰত
উৰি যায় মােৰ জীউ।

এইষাৰ কাৰ উক্তি? কাক দেখি, কিয় তেওঁৰ ভয়তে জীউ উৰি যায় লিখা।

নাইবা

খ) কপিল মুনিৰ বিষয়ে এটি চমুটোকা লিখা

২১। তলৰ যিকোনাে দুটা প্রশ্নৰ উত্তৰ লিখা :
ক) কানাইৰ চাতুৰী’ কবিতাটোত ‘কাঠবাজী’ বুলি কাক কৈছে? ইয়াৰ অর্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে কেনেকৈ ৰক্ষা কৰিলে।

খ) মােহােৰ মুখত লাজ লাগে বৰ
তােহােৰ গুণ কহন্তে।
– কাৰ গুণৰ কথা কোৱা হৈছে? এই গুণবােৰ কবলৈ বক্তাৰ কিয় লাজ লাগে, বর্ণনা কৰা৷

গ) কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কার্য সাধন কৰিছিল, পাঠৰ সহায়ত বুজাই লিখা।

২২। তলৰ যিকোনাে তিনিটা শব্দত আধুনিক ৰূপ লিখা।
হাৰলি, বিগুটিয়া, তাসম্বক, পুহাইল

২৩। তলৰ যিকোনাে চাৰিটা বাক্য শুদ্ধকৈ লিখা:
ক) তুমি বজাৰ যাবানে ?
খ) এতিয়া সময় দুটা বাজিছে
গ) সভাখন গাম্ভীর্যতাপূর্ণ হৈছিল।
ঘ) ভাৰতবর্ষ এখন গণতন্ত্র দেশ।
ঙ) তােমাৰ মা ঘৰত আছেনে?

 

Check Also:

SEBA Class 10 Advance Geography Half Yearly Examination 2021

SEBA Class 10 Hindi(Elective) Half Yearly Exam Question 2021

SEBA Class 10 General Science Half Yearly Examination Question 2021

SEBA Board Class 10 Hindi(MIL) Half Yearly Question Paper 2019

Leave a comment